island warrior late night thoughts [bonus track] şarkı sözleri

Island Warrior Majuli Yo কবলৈ লৈছো কিছু Late night thoughts No good vibe একো নাই ৰখা hope অলেখ যাতনা লৈ ঘূৰো বুকুত কিন্তু Insta story ত নিজকে দেখাইছোঁ dope অনুভৱৰ চিয়াঁহীৰে জীৱনৰ এই কাগজত লিখি দিলোঁ বহু কথা ৰখা নাই মই ভিতৰত সৰু মানুহ মাটিত মিলিম, উৰা নাই মই আকাশত বুকুত আছে আশা কিন্তু ৰাখো মনৰ বাকচত মিলিম বতাহত, এদিম মোৰো শেষ হ'ব টকাতকে মূল্যবান কেতিয়া আবেগ হ'ব কৰো মই প্ৰশ্ন নিজকে যে বাৰে-বাৰে খেলাবোৰ হয় কিয় বিশ্বাসৰ আঁৰে-আঁৰে বাৰে-বাৰে স্মৃতিবোৰে মোক আমনি কৰে মাজ নিশা মোক এন্ধাৰে আৱৰি ধৰে এন্ধাৰ ফালি সুখ-শান্তিক মই জুমি চাওঁ হাতখন মেলো, কিজানিবা সুখ ঢুকি পাওঁ জীৱন যেন city bus, যায় ঢকা মাৰি-মাৰি দুখবোৰ আহে আৰু জীৱনে কয় খালী গাড়ী সবৰেইটো একেই ইয়াত কিনো নৰ, কিনো নাৰী ডাঙৰ মনৰ প্ৰয়োজন নাই, প্ৰয়োজন ইয়াত দামী গাড়ীৰ কৰ মোক বিশ্বাস, I'm not lying মুখত আছে হাঁহি, but I'm dying কৈছোঁ মোৰ মুখেই সকলোবোৰ কথা একেখিনি ক'বলৈ everyone is trying (uhh) সুখৰ এতিয়া প্ৰয়োজন নাই লাগে মাথোঁ শান্তি মনৰ ভিতৰত জ্বলে শলিতাডাল ক্ৰান্তিৰ ঘটা নাই মোৰ মন-মগজুৰ বিভ্ৰান্তি সঁচাখিনি লিখো যাতে মনটোত পাওঁ শান্তি মনটোৰ কথাটোত মগজ হয় অমান্তি খেলাখন চলি থাকে প্ৰাপ্তি-অপ্ৰাপ্তিৰ দুখ আৰু মই একে নাৱৰে হয় যাত্ৰী ডুবি যাব নাওঁ আৰু হ'ব ইয়াৰ সমাপ্তি যুদ্ধখন নিজৰ লগত সেয়ে সদায় যুঁজি আছো বেলেগৰটো কঢ়া নাই নিজৰ প্ৰাপ্যটো খুজি আছো আগলৈ যাবলৈ নিজকে আজুৰি আছো কোমল মোৰ মন তাক নখেৰে আঁচুৰি আছো ভাৱনাৰ সাগৰত অকলে সাঁতুৰী আছো যেন মৰুভূমিত মই মৰিচিকা খেদি আছো বাহিৰে ৰং-চং আৰু ভিতৰেদি জ্বলি আছো থাকো চুপ-চাপ কিন্তু ভিতৰত চিঞঁৰি আছো নিজে মই মানি লওঁ that I'm not smart কিন্তু সঁচাটো ক'বলৈ সদায় ৰাখিছোঁ guts বেলেগৰ দৰে অ মোৰ নাই যে class কিন্তু নিজৰ আন্ধাৰত নিজে হৈছো flash শুন, নিজে মই জানো I'm not highly educated কিন্তু hip-hop মোৰ প্ৰিয় মই তাত dedicated কৰি আছিলোঁ, কৰি আছো আৰু কৰি যাম মই কষ্ট লাগিলে কৰক বা নকৰক কোনোবাই felicitate শুন, ভগাই খোৱা গুনটো মোৰ সৰুৰ পৰাই আছে কাৰণ সৰুৰ পৰাই শিকিছোঁ যে বাটি খালে আঁটি যায় যাৰ লগত বাটো যেতিয়া সিয়েই মাৰে চুৰি তেতিয়াহে জাননে মোৰ মনটোযে ফাটি যায় শুন, কেলেই মন আহিলি মায়াৰ বজাৰলৈ কেলেই মন ঘটিলি ধন এনে টকা-পইচা নিব নোৱাৰিবি হাড়টো গজিব বন কবলৈ লৈছো কিছু Late night thoughts No good vibe একো নাই ৰখা hope অলেখ যাতনা লৈ ঘূৰো বুকুত কিন্তু Insta story ত নিজকে দেখাইছোঁ dope --- Sky Entertainment Assam ---
Sanatçı: ISLAND WARRIOR
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:40
Toplam: kayıtlı şarkı sözü
ISLAND WARRIOR hakkında bilgi girilmemiş.

Fotoğrafı